অসম

শোকাৱহ দুৰ্ঘটনা! তীব্ৰ বেগী ট্ৰেভেলাৰ খুন্দাত নিহত বন বিষয়া সুৰজিত সিং…

এক শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী বন বিষয়াই।

এক পথ দুৰ্ঘটনাত নিহত নগাঁৱৰ বন বিষয়া সুৰজিৎ সিং।

গুৱাহাটীৰ পৰা উভতি অহাৰ পথতে পতিত হ’ল দুৰ্ঘটনাত।

নগাঁৱৰ বেবেজীয়াত সোমবাৰে নিশা ১০বজাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।

জানিব পৰা মতে, বন বিষয়াজনৰ বাহনত খুন্দা মাৰে এখন তীব্ৰবেগী ট্ৰেভেলাৰৰ। যাৰ ফলত নিহত হয় বন বিষয়াজন।

বিভাগীয় কামত গুৱাহাটীলৈ গৈছিল বন বিষয়া সুৰজিৎ সিং।

সৰবৰহী ব্যক্তি গৰাকীৰ বিয়োগত নগাঁৱত শোকৰ ছাঁ পৰিছে।

Related Articles

Back to top button