শোকাৱহ দুৰ্ঘটনা! ইটা ভাটাত ব্যৱহৃত ট্ৰেক্টৰৰ খুন্দাত মৃত্যু এজন লোকৰ…

এক শোকাৱহ পথ দুৰ্ঘটনা।

ইটা ভাটাত ব্যৱহৃত ট্ৰেক্টৰৰ খুন্দাত মৃত্যু এজন লোকৰ।

মৰিগাঁও জিলাৰ তেলাহি হীৰা গাঁৱৰ এটা ইটা ভাটাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।

 গাঁওখনত থকা এম এছ বি নামৰ এটা ইটা ভাটাত ব্যৱহৃত এখন ট্ৰেক্টৰৰ চেপাত মৃত্যু হয় গাঁওখনৰে এজন লোক।

দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকজনক পাটৰ মেধী বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, লোক জনে গৰু এৰাল দি পথত বহি আছিল আৰু সেই সময়তে ইটা ভাটাটোৰ এখন ট্ৰেক্টৰে মহতীয়াই নিয়ে লোক জনক।

ইফালে ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰেক্টৰখনৰ চালকসহ ভাটাটোৰ সকলো কৰ্মচাৰী।

ইটা ভাটাটোৰ মালিকৰ নাম ছামছুল হক বুলি জানিব পৰা গৈছে।