শোকাৱহ! দুৰ্ঘটনাত পতিত হৈ দাওদাওকৈ জ্বলিল বাইক, জীৱন্তে অগ্নিদগ্ধ হৈ ছাত্ৰনেতাৰ মৃত্যু…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।
ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এগৰাকী প্রাক্তন ছাত্র নেতাৰ।
বিহালী বিধানসভা সমষ্টিৰ অন্তর্গত মোনাবাৰী চাহ বাগিচাৰ লাহৰীজানত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনটো।
লাহৰীজানৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন মিনি ট্রাক আৰু এখন মটৰ চাইকেলৰ মাজত সংঘটিত হোৱা দুর্ঘটনাটোত বাইক আৰোহী নাজিৰ হুছেইন (৩৯) নামৰ যুৱকজনে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি লয়।
উল্লেখ্য, নাজিৰ হুছেইন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সক্রিয় সদস্য আছিল।
জানিব পৰামতে এ এছ ০১ এল টি ২৯৮৬ নম্বৰৰ মিনি ট্রাকথনে টি ভি এছ আপাচী মটৰ চাইকেলখনক খুন্দিয়াই কিছুদূৰ চোঁচৰাই নিয়াৰ ফলত মটৰ চাইকেলখন জ্বলি উঠে। মুখামুখিকৈ বাহন দুখনৰ মাজত হোৱা প্ৰচণ্ড সংঘৰ্ষত বাইকখন ভাগি দুটুকুৰা হৈ পৰে আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে দাও দাওকৈ জ্বলি উঠে।
বাইকখনৰ পেট্ৰ’ল টেংকৰ বিস্ফোৰণৰ বাবে ক্ষন্তেকতে বিয়পি পৰা জুয়ে বাইক আৰোহীজনক আগুৰি ধৰে।

স্থানীয় ৰাইজে পানী ঢালি জ্বলি উঠা বাইকৰ জুই নুমুৱাবলৈ সক্ষম হয় যদিও শৰীৰৰ অধিকাংশই জ্বলি যোৱা যুৱকজনক ৰক্ষা কৰিব নোৱাৰিলে।
খণ্ডিত হৈ পৰা মটৰ বাইকখনৰ নাম্বাৰপ্লেট উদ্ধাৰ কৰিব পৰা হোৱা নাই যদিও শোকাৱহ পথ দুর্ঘটনাটোত অকাল মৃত্যুক সাবটি লোৱা যুৱকজন বিশ্বনাথ চাৰিআলিৰ আমবাৰী নিবাসী নাজিৰ হুছেইন বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।
ইফালে পথ দুৰ্ঘটনাটো সংঘটিত কৰিয়েই মিনি ট্রাকখনৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
জিনজিয়া আৰক্ষীয়ে নাজিৰ আলীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক চমজাই দিয়াৰ লগতে মিনি ট্রাকখন আৰু জ্বলি যোৱা মটৰ বাইকখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।
ইফালে যুৱ-ছাত্র নেতাগৰাকীৰ অকাল মৃত্যুত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা কমিটী, বিশ্বনাথ জিলা ছাত্ৰ সন্থা, বিশ্বনাথ জিলা আমছুকে ধৰি বিভিন্ন ছাত্র সংগঠন, ব্যক্তি-প্রতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে।