অসমীয়াঅসম

শোকাৱহ! দীপাৱলীৰ বজাৰ কৰিবলৈ গৈ ম’হৰ আক্ৰমণত মৃত্যু দীপন নমশূদ্ৰৰ..

নিউজ ডেস্কঃ দীপাৱলীৰ দিনাই কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীত সংঘটিত হ’ল এক মৰ্মান্তিক ঘটনা।

দীপাৱলীৰ বজাৰ কৰিবলৈ গৈ ম’হৰ আক্ৰমণত মৃত্যুমুখত পৰিবলগীয়া হ’ল এজন ব্যক্তিয়ে।

এই ঘটনাই শোকৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।

জানিব পৰা মতে, দীপন নমশূদ্ৰ নামৰ লোকজনে বিয়লি দীপাৱলীৰ বজাৰ কৰিবলৈ নিভেয়া বজাৰলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা।

বাতৰি অনুসৰি, গাঁৱে গাঁৱে কাপোৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছিল দীপন নমশূদ্ৰই।

সোমবাৰে তেওঁ দিনটো গাঁৱে গাঁৱে কাপোৰ বিক্ৰী কৰাৰ পিছত বিয়লি বজাৰ কৰিবলৈ নিভেয়া বজাৰলৈ গৈছিল।

photo1666682100 1

তাত তেওঁ এগৰাকী শাক পাচলি বিক্ৰেতাৰ পৰা শাক-পাচলি ক্ৰয় কৰি থকাৰ সময়তে হঠাৎ এটা ম’হে তেওঁক আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয়।

লগে লগে তেওঁক নিভেয়া স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও তাৰ পৰা উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ নিয়াৰ পৰামৰ্শ দিয়ে চিকিৎসকে।

পৰিয়ালৰ লোকে দীপন নমশূদ্ৰক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ নিয়াৰ পথতে মৃত্যু ঘটে ব্যক্তিজনৰ।

পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী লোকজনৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক।

Related Articles

Back to top button