শোকাৱহ! তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী প্ৰাক্তন ছাত্ৰ নেতাৰ…

এক শোকাৱহ পথ দুৰ্ঘটনা।

তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী প্ৰাক্তন ছাত্ৰ নেতাৰ।

ওদালগুৰিৰ কলাইগাঁৱত নিশা এই অঘটন সংধটিত হয়।

মৃত্যু হোৱা প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ নাম ধ্ৰুৱ প্ৰসাদ শইকীয়া বুলি জানিব পৰা গৈছে।

ধ্ৰুৱ প্ৰাসাদ শইকীয়াৰ ঘৰ কলাইগাঁও ঔতলাত।

কলাইগাঁৱ স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰগতিশীল জনমঞ্চৰ ৰূপালী জয়ন্তীৰ পৰা নিজৰ দুচকীয়া বাহনেৰে ঘৰলৈ গৈ থকা অৱস্থাতে পখ ছোৱালী হাইস্কুলৰ সন্মুখত এখন ডাম্পাৰে খুন্দিয়াই।

পিছে আন্ধাৰৰ সুযোগ লৈ ডাম্পাৰখনৰ চালকজন পলাই যাবলৈ সক্ষম হয়।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

প্ৰাক্তন ছাত্ৰ নেতা ধ্ৰুৱ প্ৰসাদ শইকীয়াৰ মৃত্যুত সমগ্ৰ কলাইগাঁও অঞ্চলত শোকৰ ছাঁ পৰিছে।

নিশাই শ শ লোকে কলাইগাঁৱ থানাৰ চৌহদত ডাম্পাৰৰ দৌৰাত্মৰ বিৰুদ্ধে তথা ডাম্পাৰৰ চালক সকলক নাকী লগোৱাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

Leave a Comment