fbpx
অসম

শোকাৱহ! তীব্ৰবেগী বাছে মহটিয়াই নিলে বাইক আৰোহী পিতৃ-কন্যাক, থিতাতে নিহত সাংবাদকৰ্মী ডলী হাজৰিকা

এক শোকাৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী সংবাদকৰ্মীয়ে।

লখিমপুৰৰ বিহপুৰীয়াৰ সন্তপুৰত এক ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল সাংবাদিক ডলী হাজৰিকাৰ।

নিয়ন্ত্ৰণ হেৰুৱাই এখন বিবাহযাত্ৰী বাছে মহতিয়ালে বাইক আৰোহী পিতৃ-কন্যাক

পিতৃৰ সৈতে মাংস কিনিবলৈ যাওঁতেই আল্ট্ৰা বাছে মহতিয়াই নিয়ে দুয়োকে।

যাৰ ফলত সংবাদকৰ্মী ডলী হাজৰিকাৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হৈছে পিতৃ।

জানিব পৰা মতে, ডলীৰ পিতৃ দিলীপ হাজৰিকাৰ অৱস্থাও অতি সংকটজনক।

ডলী আছিল এটা সংবাদ প্ৰতিষ্ঠানৰ গুৱাহাটী কাৰ্যালয়ৰ সংবাদকৰ্মী।

ছুটী কটাবলৈ বিহপুৰীয়াস্থিত ঘৰলৈ গৈছিল সংবাদকৰ্মীগৰাকী।

Related Articles

Back to top button