ঘৰৰ সন্মুখতে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী শিক্ষকে, পিতৃহাৰা হ’ল দুমহীয়া কন্যা…

এক শোকাৱহ ঘটনা।
চিঙি থকা বিদ্যুতৰ তাঁৰৰ স্পৰ্শ হৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী শিক্ষকে।
ৰহাৰ ঘাঁহীত সংঘটিত হৈছে এই কৰুণ ঘটনা।
ঘৰৰ সন্মুখৰ গেটত চিঙি থকা বিদ্যুতৰ তাঁৰৰ স্পৰ্শত আহি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটিলে দাদুমণি দাস নামৰ এজন যুৱ শিক্ষকৰ।
পৰিয়ালৰ লোকে ততাতৈয়াকৈ যুৱকজনক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে শিক্ষক তথা এটি দুমহীয়া সন্তানৰ পিতৃ দাদুমণিক।

যুৱকজন ৰহাৰ কপিলী শিক্ষাখণ্ডৰ অন্তৰ্গত শিক্ষক লগতে CRCC বুলি জানিব পৰা গৈছে।
ইফালে যুৱকজনৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে।
পৰিয়াল তথা স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে।
যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলতে পৰিছে শোকৰ ছাঁ।
লগতে চাওকঃ
মৰ্মান্তিক! বালিৰ ছুইমিং পুলত মৃত্যু গুৱাহাটী এইমছৰ ছাত্ৰ নিৰ্ণয় শৰ্মাৰ…
