শোকাৱহ! ঘৰৰ কাষতে থকা পুখুৰীত পৰি সলিল সমাধি ঘটিল এটি চাৰিবছৰীয়া কণমানিৰ…

এক শোকাৱহ ঘটনা।

ঘৰৰ কাষতে থকা পুখুৰীত পৰি সলিল সমাধি ঘটিল এটি চাৰিবছৰীয়া কণমানিৰ।

জাগীৰোড থানাৰ অন্তৰ্গত বৰামাৰীত মঙলবাৰে আবেলিৰ ভাগত সংঘটিত হয় এই কৰুণ ঘটনা।

সমনীয়াৰ সৈতে খেলি থাকো ঘৰৰ নিচেই কাষতে থকা এটা পুখুৰীত হঠাৎ পিছলি পৰি সলিল সমাধি ঘটিল কণমানিটোৰ।

মৃত কণমানিটো বৰামাৰী গাঁৱৰ চামচুল হকৰ চাৰিবছৰীয়া কন্যা শিশু চামিমা আখটাৰ বুলি জানিব পৰা গৈছে।

ঘটনাৰ বহুসময় পিছতহে পৰিয়ালসহ স্থানীয় লোকে পুখুৰীৰ পৰা চামিমাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পুখুৰীটোত পৰাৰ পিছত সমনীয়াসকলে চিঞৰবাখৰ লগোৱাত পৰিয়ালসহ স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ চামিমাক উদ্ধাৰ কৰাৰ লগতে জাগীৰোড থানাত খবৰ কৰে।

পিছত শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰা হয়।

Leave a Comment