ওদালগুৰিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু সাৱটিলে তিনিজন শ্ৰমিকে।
ওদালগুৰি জিলাৰ কালাঝাৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো।
মৃত্যু হোৱা তিনিওজন লোক দলং নিৰ্মামৰ কামত নিয়োজিত শ্ৰমিক বুলি জানিব পৰা গৈছে।
মৃত্যু হোৱা শ্ৰমিক তিনিজন ক্ৰমে আব্বাছ, ফকীৰ আৰু ঘেৰু আলী বুলি চিনাক্ত কৰা হৈছে।
শোকাৱহ ঘটনাটোত আন দুজন শ্ৰমিকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।
আহত দুজনক সংকটজনক অৱস্থাত ওদালগুৰি জিলাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
আনহাতে, শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃত্যু হোৱা শ্ৰমিক তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰিছে।