অসম
শোকাৱহ! গণেশগুৰি উৰণীয়া সেতুৰ ওপৰত বাইক দুৰ্ঘটনা, থিতাতে নিহত এজন…

দেওবাৰে নিশা মহানগৰীৰ গণেশগুৰি উৰণীয়া সেতুৰ ওপৰত শোকাৱহ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় এজন বাইক আৰোহী। গুৰুতৰভাৱে আহত এজন।
জানিব পৰা মতে, বাইকখনত আছিল দুজনকৈ লোক৷ ইয়াৰে এগৰাকী লোকক গুৰুতৰ অৱস্থাত প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মেডিকেল কলেজ হাস্পতাললৈ।
দুৰ্ঘটাগ্ৰস্ত বাইক খনৰ নম্বৰ As 01 FA 5810।
দুৰ্ঘটনাৰ পিছত কিছু সময় ধৰি পৰি ৰ’ল পথত৷
পথচাৰী আৰু সংবাদকৰ্মীৰ প্ৰচেষ্টাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আহতলোক জনক।
পথচাৰীৰ অভিযোগ অনুসৰি ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হয় আৰক্ষী।
ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত বাইখন দিছপুৰ আৰক্ষী থানালৈ লৈ যোৱা হৈছে।