অসম

শোকাৱহ! খেতিপথাৰত কাম কৰি থাকোটে বজ্ৰপাতত একেলগে প্ৰাণ হেৰুৱালে ৫ গৰাকী মহিলাই…

এক অতি শোকাৱহ ঘটনা।

খেতিপথাৰত কাম কৰি থাকোটে বজ্ৰপাতত একেলগে প্ৰাণ হেৰুৱালে ৫ গৰাকী মহিলাই।

আনহাতে গুৰুতৰভাৱে আহত হৈছে আন ৬ গৰাকী মহিলা।

ছত্তীশগড়ৰ মহাসমুন্দত সংঘটিত হৈছে এই কৰুণ ঘটনা।

জানিব পৰা মতে, ১১ গৰাকী লোকে একেলগ কাম কৰি আছিল পথাৰত। সেই সময়তে বজ্ৰপাত হৈ এই কৰুণ ঘটনা সংঘটিত হয়।

লগে লগে স্থানীয় ৰাইজে আহত মহিলা সকলক ততাতৈয়াকৈ নিকট হাস্পতাললৈ লৈ যায়।

ৰাজ্য খনৰ স্বাস্থ্য মন্ত্ৰী টি এছ সিংহদেৱেও ভিডিঅ ফোন যোগে হাস্পতালৰ চিকিৎসকৰ সৈতে আহতৰ স্বাস্থ্যৰ বুজ লয়।

আনহাতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃত্যু মুখত পৰা কেউগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

Related Articles

Back to top button