শোকাৱহ! কৰ্মৰত অৱস্থাতে হৃদৰোগত আক্ৰান্ত হৈ আছাম ৰাইফলছৰ জোৱানৰ আকস্মিক মৃত্যু…

এক শোকাৱহ ঘটনা।

কৰ্তব্যৰত এগৰাকী আছাম ৰাইফলছৰ জোৱানৰ আকস্মিক মৃত্যু।

জোৱানজনৰ নাম বিহাৰীলাল, বয়স ৫০ বছৰ।

উত্তৰ প্ৰদেশৰ কুৰাৱৰীৰ বাসিন্দা আছিল আছাম ৰাইফলছৰ জোৱান বিহাৰীলাল।

অসমৰ কাছাৰ জিলাত কৰ্মৰত অৱস্থাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় জোৱানজনৰ।

২০০৮ চনৰ পৰা আছাম ৰাইফলছত কৰ্মৰত জোৱান জন।

বুধবাৰে মৃতদেহ স্বগৃহলৈ নিয়া হ’ব জোৱানজনৰ।

তাৰ পিছতে বৃহৎ সংখ্যক লোকৰ উপস্থিতিত শোকাকুল পৰিৱেশৰ মাজত শ্বহীদ জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰা হয়।