fbpx
অসম

শোকাৱহ! কৰ্মস্থলীৰ পৰা উভটি অহা পথত ট্রাকৰ খুণ্ডাত প্ৰাণ হেৰুৱালে এগৰাকী অসম আৰক্ষীৰ কনিষ্টবলে…

এক শোকাৱহ পথ দুৰ্ঘটনা।

কৰ্মস্থলীৰ পৰা উভটি অহা পথত ট্রাকৰ খুণ্ডাত প্ৰাণ হেৰুৱালে এগৰাকী অসম আৰক্ষীৰ কনিষ্টবলে।

নলবাৰী গণেশ মন্দিৰৰ ওচৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

নিহত আৰক্ষী কনিষ্টবল গৰাকী খাইৰুল আলী বুলি জানিব পৰা গৈছে।

নলবাৰীৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ কনিষ্টবল হিচাপে কৰ্মৰত আছিল খাইৰুল আলী।

শুক্ৰবাৰে ৩১ নং ৰাষ্ট্ৰীয় পথত তীব্র বেগী ট্রাকে মহতিয়াই নিয়ে খাইৰুলক। যাৰ ফলত থিতাতে নিহত হয় এই ২২ বছৰীয়া যুৱকজন।

খাইৰুল আলীৰ ঘৰ নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত বুলি জানিব পৰা গৈছে।

Related Articles

Back to top button