শোকাৱহ! ক্ৰিকেট খেলি ঘৰলৈ উভতাৰ পথত দুৰ্ঘটনাত পতিত বাহন, থিতাতে নিহত দুই প্ৰতিভাৱান যুৱক…

এক শোকাৱহ পথ দুৰ্ঘটনা।

ক্ৰিকেট খেলি ঘৰলৈ উভতাৰ পথত দুৰ্ঘটনাত পতিত বাহন, থিতাতে নিহত দুই প্ৰতিভাৱান যুৱক।

দেওবাৰে নিশা তিতাবৰ বছাবাৰী অঞ্চলত সংঘটিত হয় এই ভয়াবহ পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে নিশা এখন ক্ৰিকেট খেলত অংশগ্ৰহণ কৰি তিতাবৰৰ পৰা বৰহোলা দিশে চাৰিজন বন্ধু AS 01BN9217 নম্বৰৰ HONDA BRIO গাড়ীৰে আহি থকা অৱস্থাত গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱাই বচাবাৰী অঞ্চলৰ এজোপা গছত খুন্দা মাৰে।

উক্ত দুৰ্ঘটনাটোত পতিত হৈ মৃত্যু হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী তিতাবৰ বৰহোলা নগাবাট অঞ্চলৰ কল্যাণ হাজৰিকা আৰু সুদক্ষ ক্ৰিকেট এম্পেয়াৰ তিতাবৰ জ্যোতি নগৰ নিবাসী পার্থ দত্ত।

আনহাতে দুৰ্ঘটনাটোত সহযাত্ৰী আন দুগৰাকী বন্ধু গুৰুতৰভাৱে আহত হৈ JMCH ত চিকিৎসাধীন হয়।