শোকাৱহ! উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত্‍ সংযোগৰ কাম কৰি থাকোঁতেই বিদ্যুত্‍স্পৃষ্ট হৈ এজনৰ মৃত্যু, আহত দুজন…

এক অতি শোকাৱহ ঘটনা।

উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত্‍ সংযোগৰ কাম কৰি থাকোঁতেই বিদ্যুত্‍স্পৃষ্ট হৈ এজনৰ মৃত্যু, আহত দুজন।

নলবাৰীৰ পিতনিপাৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো।

উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত্‍ সংযোগৰ কাম কৰি থাকোঁতেই সংঘটিত হয় এই অঘটন।

নিহত লোকজন বিদ্যুৎ বিভাগৰ কৰ্মচাৰী তথা দক্ষিণ শিংৰা অঞ্চলৰ লালচেন আলী।

বিদ্যুৎস্পৃষ্ট হোৱা লালচেন আলীক ততাতৈয়াকৈ নলবাৰীৰ শুশ্ৰূষা হস্পিতাললৈ নিয়ে যদিও চিকিৎসাকে মৃত ঘোষণা কৰে।

আনহাতে গুৰুতৰভাৱে আহত হয় দক্ষিণ শিংৰা গাঁৱৰ ৰাজীৱ কলিতা আৰু অংকুৰ মালাকাৰ নামৰ দুজন লোক।

জানিব পৰামতে, বিদ্যুৎ সংযোগ কৰ্তন কৰি বিদ্যুৎ পৰিবাহী খুঁটাত উঠি ১১০০০ ভল্ট’ৰ কাম কৰি আছিল লালচেন আলীয়ে।

সেই অঞ্চলৰ বিদ্যুতৰ দায়িত্বত থকা কৰ্মচাৰীয়ে বিদ্যুৎ সংযোগ কৰি দিয়াৰ ফলতে বিদ্যুৎস্পৃষ্ট হৈ ওপৰৰ পৰা সৰি পৰি মৃত্যু হয় লালচেন আলীৰ।

বৰ্তমানে আহত লোক দুজন সংকটমুক্ত বুলি জানিব পৰা গৈছে।