ৰাষ্ট্ৰীয়

শোকাৱহ! আকস্মিক বজ্ৰপাতত প্ৰাণ হেৰুৱালে ৩৩ জনকৈ লোকে, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ…

বিহাৰত বজ্ৰপাতে প্ৰাণ কাঢ়িলে এতিয়ালৈকে ৩৩ জন লোকৰ।

বৃহস্পতিবাৰে হোৱা আকস্মিক বজ্ৰপাতৰ ফলত হোৱা মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে।

শুক্ৰবাৰলৈকে, মুঠ ২৭ জন লোকৰ মৃত্যু নথিভুক্ত কৰা হৈছিল, যদিও বৰ্তমান সময়ত বজ্ৰপাতৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি পাইছে ।

তথ্য অনুসৰি,১৬ খন জিলাত ৩৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিহাৰৰ এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘বিহাৰৰ বহু জিলাত বজ্ৰপাতৰ ঘটনাত বহুকেইজন লোকে প্ৰাণ হেৰুওৱাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছো। ঈশ্বৰে শোক সন্তপ্ত পৰিয়ালবোৰক এই অপৰিসীম দুখ সহ‍্য কৰিবলৈ শক্তি দিয়ক। ৰাজ্য চৰকাৰৰ তত্বাৱধানত, স্থানীয় প্ৰশাসন ইতিমধ্যে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও এক টুইট যোগে ঘটনাটোত শোক প্ৰকাশ কৰে। মৃতকৰ পৰিয়ালক চাৰি লাখ টকাকৈ অনুদান প্ৰদান কৰাৰ কথাও টুইটটোৰ যোগেৰে কুমাৰে ঘোষণা কৰে।

লগতে বিভাগীয় বিষয়াসকলক ক্ষতিৰ মূল্যাঙ্কন কৰি ভুক্তভোগীসকলক তাৎক্ষণিক সহায় আগবঢ়াবলৈও নিৰ্দেশ দিয়ে।

বিহাৰৰ আটাইকেইখন জিলাৰ ভিতৰত ভাগলপুৰ জিলাই এই ঘটনাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। বজ্ৰপাতৰ ফলত জিলাখনত সাতজন লোকৰ মৃত্যু হৈছে।

বৃহস্পতিবাৰে আবেলি বিহাৰত হঠাতে হোৱা বতৰৰ পৰিৱৰ্তনৰ পিছতে বৰষুণৰ সৈতে ধুমুহা আৰম্ভ হৈছিল। ইয়াৰ ফলত , বহু ঠাইত গছ-গছনি পৰিছিল আৰু বিদ্যুত যোগাযোগ ব্যাহত হৈছিল।

Related Articles

Leave a Reply

Back to top button