fbpx
অসম

শোকাৱহ! অৱশেষত মৃত্যুৰে হাৰ মানিলে দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ থকা দীপাংশীয়ে…

এক শোকাৱহ ঘটনা।

অৱশেষত মৃত্যুৰে হাৰ মানিলে দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ থকা স্কুলীয়া ছাত্ৰী দীপাংশী কলিতাই(১৫)।

পলাশবাৰী থানাৰ অন্তৰ্গত আঞ্চলিক হাইস্কুল, ফুলগুৰিৰ নৱম শ্ৰেণীৰ ছাত্ৰী দীপাংশী কলিতা (১৫) যোৱা ৩০ জানুৱাৰীত মির্জা চানডুবি পথৰ বৰিহাটত এক পথ দুৰ্ঘটনাত পতিত হৈ জিএমচি এইচত চিকিৎসাধীন হৈ আছিল।

কিন্তু সকলোকে মৰ্মাহত কৰি অৱশেষত ছাত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

আমৰাংগা বৰিহাট অঞ্চলৰ খৰাপাৰা সত্ৰ নিৱাসী ধীৰেন কলিতা আৰু চুনু কলিতাৰ কনিষ্ঠ কন্যা আছিল দীপাংশী।

দীপাংশীৰ নশ্বৰ দেহ আঞ্চলিক হাইস্কুল, ফুলগুৰিত নি ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত শোকাকুল পৰিৱেশৰ মাজত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

ছাত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহত বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া, স্থানীয় লোক উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসগুপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

তেওঁৰ মৃত্যুত অঞ্চলটোত এক গভীৰ শোকৰ ছাঁ পৰে।

Related Articles

Back to top button