এক শোকাৱহ ঘটনা।
অবৈধ বৈদ্যুতিক ফেন্সিঙত লাগি ছাত্ৰৰ কৰুণ মৃত্যু।
কলিয়াবৰৰ ২ নং ভূৰবন্ধাত সংঘটিত হৈছে এই কৰুণ ঘটনা।
নিহত ছাত্ৰজনৰ নাম মনজুৰ হাছান (১৫)।
জানিব পৰা মতে, মদন সিং চৌহান নামৰ লোক এজনে নিশা কোনো দুষ্ট লোক বা আন কোনো জীৱ-জন্তু যাতে তেওঁৰ ঘৰলৈ আহিব নোৱাৰে, তাৰ বাবে ঘৰৰ ভিতৰৰ পৰা বিদ্যুৎ সংযোগ কৰি থৈছিল।
পুৱা প্ৰায় ছয়বজাত মদন সিং চৌহানৰ মাটিত চুক্তিত খেতি কৰা ওমৰ ফাৰুকৰ পুত্ৰ তথা দশম শ্ৰেণীৰ ছাত্ৰ মনজুৰ হাছানে খেতি চাবলৈ বুলি মদন সিং চৌহানৰ চৌহদৰ বাটেৰে আহোঁতেই বিদ্যুৎ সংযোগ কৰি থোৱা তাঁৰৰ সংস্পৰ্শলৈ আহি কৰুণ মৃত্যুক আকোৱালি লয়।
পাছত ঘটনাস্থলীত চুলুং আৰক্ষী চকীৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰা লগতে মদন সিং চৌহানক আটক কৰি তদন্ত আৰম্ভ কৰিছে।