নিউজ ডেস্কঃ ইনষ্টাগ্ৰামত ৰীল ভিডিঅ’ বনাবলৈ গৈ নৈৰ সোতত উটি গ’ল দুজন যুৱক।
এই শোকাবহ ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ ডাৱানাগেৰে জিলাৰ হৰগনাহল্লী চেক বান্ধত।
নিহত যুৱক দুজনৰ পৰিচয় হৰিহৰ আশ্ৰয় লেআউটৰ নিৱাসী পৱন (২৫) আৰু প্ৰকাশ (২৪) বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, হৰিহৰৰ চেক বান্ধৰ কাষত দুয়োজন যুৱকে ৰীল ভিডিঅ’ বনাই থাকোতেই হঠাৎ ভৰি পিচলি পানীত পৰি যায় প্ৰকাশ।

লগে বন্ধুক বচাবলৈ পানীত জপিয়াই পৰে পৱন নাম যুৱকজনো।
কিন্তু দুৰ্ভাগ্যক্ৰমে কোবাল সোতে উটুৱাই লৈ যায় দুয়োজন যুৱকক।
ঘটনাৰ পিছত আৰক্ষী আৰু উদ্ধাৰকাৰী দলে অভিযান চলাই এজনৰ মৃতদেহ হৰিহৰৰ ৰাঘৱেন্দ্ৰ মঠৰ সমীপত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আনজনক বিচাৰি এতিয়াও অব্যাহত আছে অভিযান।
এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।