
নিউজ ডেস্কঃ সত্ৰনগৰী মাজুলীত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আনন্দ উছাহৰ মাজতে নামনি মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ অন্তৰ্গত বৰদোৱাত সংঘটিত হ’ল এক কৰুূণ ঘটনা।
দেওবাৰে বৰদোৱাত পুখুৰীত মাছ ধৰিবলৈ গৈ দুটি কন্যাশিশুসহ তিনিটাকৈ শিশুৰ সলিল সমাধি ঘটাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
জানিব পৰা মতে, দেওবাৰে বিয়লি বৰদোৱাৰ ম’হঘূলি দীঘলীয়া পুখুৰীত মাছ ধৰিবলৈ গৈছিল বৰদোৱা প্ৰাথমিক বিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰী।
পুখুৰীত নামি তিনিওটা শিশুৱে মাছ ধৰি থাকোতেই দ পানীত পৰি তিনিওৰে সলিল সমাধি ঘটে।
নিহত শিশু কেইটিৰ পৰিচয় শ্ৰীলোহিত গাঁও পঞ্চায়তৰ বৰদোৱাৰ গাঁৱৰ বীৰ দলে আৰু সংগীতা দলেৰ কন্যা পিংকী দলে (৯ বছৰ), ছিৰিয়া দলেৰ পুত্ৰ আৰু কন্যা ক্রমে ভাইটি দলে (১২ বছৰ) আৰু পূর্ণিমা দলে (১১ বছৰ) বুলি জানিব পৰা গৈছে।
ইফালে সন্ধিয়ালৈকে পুখুৰীৰ পাৰত শিশু কেইটিয়ে খুলি থোৱা কাপোৰ-কাণি আৰু চেণ্ডেল দেখি স্থানীয় ৰাইজৰ সন্দেহ হোৱাত পুখুৰীত নামি শিশু কেইটিৰ মৃতদেহ উদ্ধাৰ কৰে।
ঘটনাৰ খবৰ পাই মাজুলীৰ ৰাজহ চক্ৰ বিষয়া জয়দীপ ৰজক, গড়মূৰ আৰু বালিচাপৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গড়মূৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
ৰাস উদযাপনৰ আনন্দৰ মাজতে এনেকৈ তিনিটাকৈ শিশুৰ সলিল সমাধি ঘটা ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ মাজুলীতে।