শোকাবহ! ৰাষ্ট্ৰীয় চাইকেল প’ল’ চেম্পিয়নশ্বিপত অংশ ল’বলৈ আহি আকস্মিক মৃত্যু ১০ বছৰীয়া কণমানি প্ৰতিযোগীৰ…

নিউজ ডেস্কঃ প্ৰতিযোগিতাত অংশ ল’বলৈ আহি হঠাৎ অসুস্থ হৈ মৃত্যুক সাৱটিলে এগৰাকী ১০ বছৰীয়া কণমানিয়ে।

মহাৰাষ্ট্ৰৰ নাগপুৰত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় চাইকেল প’ল’ চেম্পিয়নশ্বিপত ভাগ ল’বলৈ আহি বৃহস্পতিবাৰে মৃত্য ঘটে কেৰালাৰ কণমানি প্ৰতিযোগীৰ।

চেম্পিয়নশ্বিপৰ আয়োজক সম্পাদক গজানন বুৰ্ডে জনোৱা মতে, কেৰালাৰ আলাপ্পুঝা জিলাৰ ফাতিমা নিদা শ্বিহাবুদ্দিন নামৰ ১০ বছৰীয়া প্ৰতিযোগীগৰাকী দুদিন পূৰ্বে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে উপস্থিত হৈছিল।

চাব জুনিয়ৰ ছেগমেণ্টৰ বাবে কেৰালা দলৰ অংশ আছিল ফাতিমা। বুধবাৰৰ পৰাই শিশুটি পেটৰ বিষত ভুগি আছিল।

বৃহস্পতিবাৰে পুৱাৰ ভাগত হঠাৎ শিশুটি ঢলি পৰাত ধনতোলীৰ এখন ব্যক্তিগত হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

আৰক্ষীয়ে পৰৱৰ্তী সময়ত ফাতিমাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আকস্মিক মৃত্যুৰ এটা গোচৰ ৰুজু কৰিছে।