শোকাবহ! ৰাজপথত হঠাৎ বিস্ফোৰণ ঘটিল পেট্ৰ’লভৰ্তি টেংকাৰ, ৪ জনৰ মৃত্যু

নিউজ ডেস্কঃ মিজোৰামৰ আইজলত শনিবাৰে সন্ধিয়া এখন পেট্ৰ’ল ভৰ্তি টেংকাৰত অগ্নিকাণ্ডৰ পিছতে সংঘটিত ভয়ংকৰ বিস্ফোৰণত নিহত হয় ৪জনকৈ লোক।

এই দুৰ্ঘটনাত আন ১৮ জন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, আইজলৰ টুইৰিয়াল গাঁৱত শনিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

খবৰ অনুসৰি, টেংকাৰখন চম্পাই অভিমুখে গৈ থকা সময়তে যান্ত্ৰিক বিজুতিৰ ফলত টেংকাৰখনত জুইৰ সূত্ৰপাত ঘটে।

tanker blast
শোকাবহ! ৰাজপথত হঠাৎ বিস্ফোৰণ ঘটিল পেট্ৰ’লভৰ্তি টেংকাৰ, ৪ জনৰ মৃত্যু 2

তাৰ পিছতে এক ভয়ংকৰ শব্দ কৰি বিস্ফোৰণ ঘটে পেট্ৰ’ল টেংকাৰখন।

এই দুৰ্ঘটনাত দুখন বাইক আৰু এখন চাৰিচকীয়া বাহনো ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি টুইৰিয়াৰ হাস্পতাললৈ প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।