শোকাবহ! ৭ বন্ধুৰ সৈতে নৈত গা ধুবলৈ গৈ সলিল সমাধি বিশালৰ

নিউজ ডেস্কঃ বন্ধুৰ সৈতে নৈত গা ধুবলৈ গৈ কোবাল সোঁতত উটি গ’ল এজন কলেজীয়া ছাত্ৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে বৰপেটাৰোডত। নৈৰ বুকুত সন্ধানহীন হৈ থকা যুৱকজনক সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে।

জানিব পৰা মতে, দেওবাৰে দুপৰীয়া ৬ বন্ধুৰ সৈতে কেটেল ফাৰ্মৰ সমীপৰ বেঁকী নৈত গা ধুবলৈ গৈছিল বৰপেটাৰোডৰ ১নং ৱাৰ্ডৰ শাখাৰীপাৰাৰ নিৱাসী বিশাল সাহা নামৰ যুৱকজনে।

৭ বন্ধুৰ ৬ জনে বেঁকী নৈৰ পানী যুঁৱলিত নামি গা ধুই থাকোতেই হঠাৎ কোবাল সোঁতত উটি যায় আটাইকেইজন যুৱক।

ইফালে সেই সময়ত কেটেল ফাৰ্মত ভিডিঅ’ শ্বুটিং কৰি থকা আশ্ৰফ উদ্দিন নামৰ লোকজনে যুৱক কেইজন সোঁতত উটি যোৱা দেখি ততাতৈয়াকৈ নৈত নাম ৫ যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও সন্ধানহীন হৈ পৰে বিশাল সাহা নামৰ দ্ৰোণাচাৰ্য কলেজৰ ছাত্ৰজন।

image 64
শোকাবহ! ৭ বন্ধুৰ সৈতে নৈত গা ধুবলৈ গৈ সলিল সমাধি বিশালৰ 2

ঘটনাত আহত বিশাল সাহা, গৌৰৱ সাহা, প্ৰকাশ সৰকাৰ, নিধেৱ ঘোষ আৰু আদিত্য ভৌমিকক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

অন্যহাতে বৰ্তমানো সন্ধানহীন হৈ থকা বিশালক বিচাৰি বেঁকী নৈত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এছডিআৰএফ বাহিনী আৰু আৰক্ষীয়ে।

জানিব পৰা মতে, নৈৰ বুকুত সলিল সমাধি ঘটা বিশাল সাহাই বৰপেটাৰোডৰ দ্ৰোণাচাৰ্য কলেজত অধ্যয়ন কৰি থকাৰ সমান্তৰালভাৱে টিউচন কৰি পৰিয়ালৰ পোহপালৰ দায়িত্বও বহন কৰিছিল। যুৱকজনৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে বৰপেটাৰোডত।