নিউজ ডেস্কঃ ৭ দিনীয়া পুত্ৰক চোৱাৰ হেঁপাহ পূৰণ নহ’ল ছফিয়ানৰ!
বহিঃৰাজ্যত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই পুনৰ কাঢ়ি লৈ গ’ল অসমৰ আন এজন যুৱকৰ প্ৰাণ।
দিল্লীত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় অসমৰ ২২ বৰ্ষীয় যুৱক ছফিয়ানে।
নিহত ছফিয়ানৰ ঘৰ কলগছিয়াৰ বালিকুৰি এনচি গাঁৱত।
জানিব পৰা মতে, দিল্লীত ফেৰীৱালা হিচাপে কাম কৰি আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজনে।
৭ দিন পূৰ্বে ছফিয়ানৰ পত্নীয়ে জন্ম দিছিল এটা পুত্ৰ সন্তান।
সন্তান প্ৰাপ্তিৰ আনন্দত শীঘ্ৰে ঘৰলৈ অহাৰ কথা দিছিল ছফিয়ানে।
কিন্তু তাৰ পূৰ্বেই পথ দুৰ্ঘটনাত মৃত্যু হয় যুৱকজনৰ।
ইফালে যুৱকজনৰ মৃতদেহ ঘৰলৈ অনাৰ পিছতে শোকত ভাগি পৰিছে পৰিয়াল।