শোকাবহ! ৪ দিন ধৰি পথাৰৰ মাজৰ ব’ৰৱেলত আৱদ্ধ হৈ থাকি অৱশেষত মৃত্যুক সাৱটি ল’লে ৮ বছৰীয়া তন্ময়ে…

নিউজ ডেস্কঃ ৪ দিন ধাৰাবাহিকভাৱে উদ্ধাৰ অভিযান চলাই উদ্ধাৰ কৰাৰ পিছতো জীৱনৰ ওচৰত পৰাজিত হ’ল কণমানি তন্ময়।

৪০০ ফুট দ ব’ৰৱেলত প্ৰায় ৩৯ ফুট উচ্চতাত আবদ্ধ হৈ পৰা তন্ময়ক শনিবাৰে পুৱা প্ৰায় ৬ বজাত উদ্ধাৰকাৰী দলে ১০ ফুট দৈৰ্ঘ্যৰ সুৰংগ নিৰ্মাণ কৰি উদ্ধাৰ কৰাৰ পিছত চিকিৎসায়লৈ প্ৰেৰণ কৰে যদিও কিছু সময় চিকিৎসাৰ পিছতে মৃত্যু ঘটে শিশুটিৰ।

উল্লেখ্য যে, মধ্যপ্ৰদেশৰ বেতুল জিলাৰ মাণ্ডৱী গাঁৱত মঙলবাৰে সংঘটিত হৈছিল এক অঘটন।

সন্ধিয়া সমনীয়াৰ সৈতে খেলি থকাৰ সময়তে চুবুৰীয়াৰ পথাৰত নিৰ্মাণ কৰা ৪০০ ফুট দ ব’ৰৱেলত পিচলি পৰিছিল ৮ বছৰীয়া তন্ময় নামৰ শিশুটি।

ইফালে তন্ময়ৰ পিতৃ-মাতৃয়ে শিশুটিক বিচাৰি নাপাই বিচাৰ খোচাৰ আৰম্ভ কৰোতেই ব’ৰৱেলৰ ৩৯ ফুট তলত আৱদ্ধ হৈ থকা শিশুটিক প্ৰত্যক্ষ কৰে।

ইয়াৰ পিছতে পৰিয়ালে আৰক্ষীক অৱগত কৰাত সন্ধিয়া প্ৰায় ৭ বজাত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ শিশুটিৰ উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে।

ইফালে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও জৰুৰী বৈঠক আহ্বান কৰি শিশুটিৰ উদ্ধাৰৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে।

মঙলবাৰে নিশাই ঘটনাস্থলীত এনডিআৰএফ আৰু এছডিআৰএফ বাহিনী উপস্থিত হৈ ব’ৰৱেলৰ কাষতে ৪৪ ফুট দ আন এটা গাঁত খান্দিবলৈ আৰম্ভ কৰে।

ইয়াৰ পিছতে শুকুৰবাৰে সেই গাঁতৰ পৰা সুৰংগ নিৰ্মাণ কৰি আৱদ্ধ তন্ময়ৰ উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰি তোলা হয়।

এই সমগ্ৰ উদ্ধাৰ প্ৰক্ৰিয়াত সময় লাগিছিল প্ৰায় ৮৪ ঘণ্টা। কিন্তু এই সময়ছোৱা ব’ৰৱেলৰ ভিতৰতে আৱদ্ধ হৈ থাকি ইতিমধ্যে অচেতন হৈ পৰিছিল তন্ময়।

যাৰ ফলত শনিবাৰে পুৱাৰ ভাগত শিশুটিক উদ্ধাৰৰ সময়তে মৃত্যু ঘটে তন্ময়ৰ।

মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে তন্ময়ৰ মৃত্যুত শোক প্ৰকাশ কৰি পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰিছে।

আনহাতে উদ্ধাৰ অভিযান চলোৱাত পলম হোৱাৰ বাবেই তন্ময়ে এনেদৰে মৃত্যুক সাৱটি ল’বলগীয়া হ’ল বুলি অভিযোগ কৰিছে পৰিয়াল আৰু আত্মীয়ই।