শোকাবহ! হোষ্টেলৰ কোঠাত ছাত্ৰৰ আত্মহত্যা, খবৰ শুনি প্ৰাণ ত্যাগ হোষ্টেল ৱাৰ্ডেনৰো…

নিউজ ডেস্কঃ হোষ্টেলৰ ভিতৰত এগৰাকী ছাত্ৰই আত্মহত্যা কৰাৰ খবৰ লাভ কৰাৰ পিছতে শোকস্তব্ধ হৈ মৃত্যুক সাৱটিলে হোষ্টেল ৱাৰ্ডেনেও।

এই শোকাবহ ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাত।

জানিব পৰা মতে, তিৰুপতিৰ গুডৰুৰ এখন ব্যক্তিগত আভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যনয়নৰত দহাৰনেশ্বৰ ৰেড্ডী নামৰ ২০ বৰ্ষীয় ছত্ৰজনে শনিবাৰে মহাবিদ্যালয়ৰ হোষ্টেলতে চিপ লৈ আত্মহত্যা কৰে।

ছাত্ৰজনৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে হোষ্টেলৰ ৱাৰ্ডেন বি শ্ৰীনিৱাসছলু নাইডু, মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি অন্যান্য কৰ্মচাৰীসকল ঘটনাস্থলীত উপস্থিত হয়।

কিন্তু ছাত্ৰজনৰ ওলমি থকা মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতে স্তম্ভিত হৈ পৰা হোষ্টেল ৱাৰ্ডেন শ্ৰীনিৱাসছলু নাইডু (৫৪) অসুস্থ হৈ পৰে।

লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয় যদিও ইতিমধ্যেই হৃদক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু ঘটা বুলি জনায় চিকিৎসকে।

জানিব পৰা মতে, আত্মহত্যা কৰা ছাত্ৰজন ৱাইএছআৰ কদাপা জিলাৰ নিৱাসী আছিল আৰু আভিযান্ত্ৰিক মহাবিদ্যালয়খনত চিএছই দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি আছিল।

আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰজনৰ আত্মহত্যাৰ সৈতে জড়িত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।