শোকাবহ! হাস্পতালৰ পৰা উভতি অহাৰ পথতে এম্বুলেন্স-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, একেটা পৰিয়ালৰ ৬ সদস্যসহ ৭জনৰ মৃত্যু

নিউজ ডেস্কঃ হাস্পতালৰ পৰা উভতি অহাৰ পথতে এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৬ সদস্যসহ ৭ জন লোকে।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ বৰেলী জিলাত।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এখন এম্বুলেন্স আৰু ট্ৰাকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলত ৭ জন লোকৰ থিতাতে মৃত্যু ঘটে। দুৰ্ঘটনাটোত আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

image 193
শোকাবহ! হাস্পতালৰ পৰা উভতি অহাৰ পথতে এম্বুলেন্স-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, একেটা পৰিয়ালৰ ৬ সদস্যসহ ৭জনৰ মৃত্যু 4

জানিব পৰা মতে, পিলভীতৰ এটা পৰিয়ালৰ ৬ জন সদস্যই দিল্লীৰ হাস্পতালৰ পৰা এম্বুলেন্সযোগে ঘৰলৈ উভতি অহাৰ সময়তে মঙলবাৰে পুৱা দিল্লী-লক্ষ্ণৌ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এম্বুলেন্সখনে প্ৰথমে ৰোড ডিভাইডাৰত খুন্দা মৰাৰ পিছত ট্ৰাকখনৰ লগত খুন্দা মৰাৰ ফলত চালকজনৰ লগতে গাড়ীখনত থকা আন ৬ জন লোকৰ মৃত্যু হয়।

image 194
শোকাবহ! হাস্পতালৰ পৰা উভতি অহাৰ পথতে এম্বুলেন্স-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, একেটা পৰিয়ালৰ ৬ সদস্যসহ ৭জনৰ মৃত্যু 5

দুৰ্ঘটনাটোত নিহত সকলক পিলভীটৰ খুৰশ্বিদ (৫০), তেওঁৰ পত্নী সমীৰণ (৪৫), পুত্ৰ আৰিফ (১৯), ভগ্নী ছাগিৰ বানো (৫৩), ভতিজা মহম্মদ জাফৰ (২০), সমীৰৰ ভগ্নী নাছৰীন (২৩) আৰু ভোজীপুৰাৰ নিৱাসী এম্বুলেন্সখনৰ চালক মেহেন্দী খান (৩২) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে, খুৰশ্বিদৰ পত্নী সমীৰণ বেগমৰ বৰেলীৰ এখন ব্যক্তিগত হাস্পতালত এটা অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল। কিন্তু অস্ত্ৰোপচাৰৰ পিছতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত কৰ্কট ৰোগৰ আশংকা কৰি চিকিৎসকে এইমছলৈ প্ৰেৰণ কৰে।

image 195
শোকাবহ! হাস্পতালৰ পৰা উভতি অহাৰ পথতে এম্বুলেন্স-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, একেটা পৰিয়ালৰ ৬ সদস্যসহ ৭জনৰ মৃত্যু 6

৩০ মে’ত তেওঁক পৰিয়ালে এম্বুলেন্সেৰে দিল্লী এইমছলৈ লৈ যায় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত শেষ মুহূৰ্তত ঘৰলৈ উভতাই অনাৰ সিদ্ধান্ত লয়।

সেই অনুসৰি, দিল্লীৰ পৰা পৰিয়ালটোৱে এম্বুলেন্সৰে ঘৰলৈ উভতি অহাৰ সময়তে মঙলবাৰে পুৱা দুৰ্ঘটনাটো সংঘটিত হয় আৰু পৰিয়ালৰ আটাইকেইজন সদস্যই প্ৰাণ হেৰুৱায়।

আৰক্ষীয়ে ইতিমধ্যে নিহত সকলৰ পৰিয়ালক এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰাৰ লগতে মৃতদেহ কেইটাৰ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ইফালে, মুখ্যমন্ত্রী যোগী আদিত্যনাথে নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত সকলক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ জিলা বিষয়াসকলক নির্দেশ দিছে।

Leave a Comment