শোকাবহ! হাতী খেদিবলৈ যাওতেই বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বন বিষয়া বাস্তৱ বৰকটকী…

নিউজ ডেস্কঃ গাঁৱত সোমাই উপদ্ৰৱ চলোৱা বন্যহস্তীৰ জাকক খেদিবলৈ যাওতেই হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এগৰাকী বন বিষয়া।

নামৰূপৰ কমাৰগাঁৱত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, গাঁওখনত দীৰ্ঘদিন ধৰি অভ্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ।

সোমবাৰে নিশা বনৰীয়া হাতীৰ এটা জাকে গাঁওখনত প্ৰৱেশ কৰি উপদ্ৰৱ চলায়।

গাঁওবাসীয়ে হাতীৰ উপদ্ৰৱৰ বিষয়ে নামৰূপ বন বিভাগক খবৰ দিয়াত নিশাই গাঁওখনত বন বিভাগৰ দল উপস্থিত হৈ হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হয়।

কিন্তু পুনৰ হাতীৰ এটা জাকে গাঁওখনত প্ৰৱেশ কৰি আকৌ উপদ্ৰৱ আৰম্ভ কৰে।

ঘটনাৰ বিষয়ে খবৰ পাই নামৰূপ খণ্ড বন কাৰ্যালয়ৰ বিষয়া বাস্তৱ বৰকটকীৰ নেতৃত্বত বনকৰ্মীৰ এটা দল পুনৰ গাঁওখনত উপস্থিত হৈ হাতীৰ জাকটো জনাঞ্চলৰ পৰা বনাঞ্চললৈ খেদি পঠিওৱাৰ চেষ্টা চলায়।

image 32
শোকাবহ! হাতী খেদিবলৈ যাওতেই বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বন বিষয়া বাস্তৱ বৰকটকী… 2

গাঁওবাসীয়েও টিং, থালি বজাই হাতীৰ জাকটো খেদিবলৈ চেষ্টা কৰাত হাতীৰ জাকটোৱে যেনি তেনি দৌৰিবলৈ আৰম্ভ কৰে।

সেই সময়তে এটা হাতীয়ে বন বিষয়া বাস্তৱ বৰকটকীক খুন্দা মৰাত চাহ বাগিচাৰ কাটা তাঁৰত লাগি নলাত পৰি গুৰুতৰভাৱে আহত হয় বন বিষয়াগৰাকী।

মূৰ আৰু কঁকালত গুৰুতৰভাৱে আঘাত পোৱা বন বিষয়াগৰাকীক লগে লগে ডিব্ৰুগড়ৰ অপেক্ষা নাৰ্ছিং হোমত ভৰ্তি কৰা হয়।

উল্লেখ্য যে, যোৱা ১ নৱেম্বৰত নামৰূপৰ অভয়পুৰ গাঁৱত হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল নন্দেশ্বৰ গগৈ নামৰ এগৰাকী ৫০ বৰ্ষীয় ব্যক্তিয়ে।

অঞ্চলটোত হাতীৰ আক্ৰমণৰ ঘটনা বৃদ্ধিক লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসী।