fbpx
অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! সৰ্প দংশনত প্ৰাণ হেৰুওৱা জ্যেষ্ঠ ভাতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তে সাপে খুঁটিলে কনিষ্ঠ ভাতৃকো, মৃত্যু

নিউজ ডেস্কঃ সৰ্প দংশনত প্ৰান হেৰুওৱা জ্যেষ্ঠ ভাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত ভাগ ল’বলৈ আহি সৰ্প দংশনত মৃত্যু ঘটিল ভাতৃৰো!

এনে এক শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ভৱানীপুৰত।

জানিব পৰা মতে, ভৱানীপুৰৰ নিৱাসী অৰবিন্দ মিশ্ৰ (৩৮) নামৰ যুৱকজনৰ মৃত্যু ঘটিছিল সৰ্প দংশনৰ ফলত। ভাতৃৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ আহে কনিষ্ঠ ভাতৃ গোবিন্দ (২২)। কিন্তু অন্ত্যেষ্টিক্ৰিয়াৰ নিশাই শুই থকা অৱস্থাত সাপে খুঁটে গোবিন্দকো।

লগে লগে পৰিয়ালৰ লোকে যুৱকজনক নিকটৱৰ্তী হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে গোবিন্দকো।

photo1659681573

ইফালে অৰবিন্দৰ শেষ ৰীতি-নীতিত অংশ ল’বলৈ অহা একেটা পৰিয়ালৰ আত্মীয় চন্দ্ৰশেখৰ পাণ্ডেকো সাপে দংশন কৰাত বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

একেটা পৰিয়ালৰ তিনিজনকৈ সদস্যক সাপে খুঁটাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ভৱানীপুৰত। ইফালে সাপৰ আতংকত নিদ্ৰা হৰিছে অঞ্চলবাসীৰো।

স্থানীয় বিধায়ক কৈলাসনাথ শুক্লাই মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰি শোক প্ৰকাশ কৰাৰ লগতে সকলো সহায়ৰ আশ্বাস প্ৰদান কৰে।

ইফালে, জ্যেষ্ঠ চিকিৎসা আৰু প্ৰশাসনিক কৰ্মচাৰীয়েও গাঁওখন পৰিদৰ্শন কৰে। গাঁওখনত যাতে এনে শোকাবহ ঘটনা দুনাই সংঘটিত নহয় আৰু সাপৰ আক্ৰমণ যাতে ৰোধ কৰিব পাৰি তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে প্ৰশাসনেও।

উল্লেখ্য যে, সৰ্প দংশনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে প্ৰথম। আৰু পৃথিৱীৰ সকলো সাপৰ দংশনত মৃত্যু হোৱা লোকৰ আধাখিনিয়েই হৈছে ভাৰতীয়।

সৰ্প দংশনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত আছে ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ। কিন্তু আন ৰাজ্যতো মাজে মাজে সৰ্প দংশনৰ ঘটনা সংঘটিত হৈ আহিছে।

বিশেষকৈ বাৰিষা কালত সাপৰ উপদ্ৰৱ বৃদ্ধি পায়। ২০০০ চনৰ পৰা ২০১৯ চনৰ ভিতৰত লাভ কৰা তথ্য অনুসৰি এই দুটা দশকত সাপৰ দংশনৰ ফলত ১২ লাখ লোকে প্ৰাণ হেৰুৱাইছিল।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!