নিউজ ডেস্কঃ কান্দোনত ভাগি পৰিছে বনকৰ্মী বিদ্যাছিং লেকথেৰ পৰিয়াল!
বৃহস্পতিবাৰে নিহত বনকৰ্মীজনৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ পিছতে শোকৰ উজান উঠে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত।
উল্লেখ্য যে, ২১ নৱেম্বৰত পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয়ৰ সীমান্তৰ মুক্ৰত প্ৰাণ হেৰুৱাইছিল বনকৰ্মী বিদ্যাছিং লেকথেয়ে।
অসমৰ পৰা সৰবৰাহৰ কৰা কাঠভৰ্তি এখন ট্ৰাক অসমৰ বনৰক্ষীয়ে জব্দ কৰাক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে অসম আৰক্ষীয়ে গুলীবৰ্ষণ কৰিবলৈ বাধ্য হোৱাত নিহত হৈছিল অসমৰ বনকৰ্মীজনৰ লগতে ৬ জনকৈ লোকে।
ইয়াৰ পিছতে মেঘালয় আৰক্ষীয়ে লৈ গৈছিল বনকৰ্মী বিদ্যাছিং লেকথেৰ মৃতদেহটো।

কিন্তু বুধবাৰে অসম-মেঘালয় সীমান্তত মেঘালয় আৰক্ষীয়ে বনকৰ্মীজনৰ মৃতদেহ অসম আৰক্ষীক চমজাই দিয়াত পৰৱৰ্তী সময়ত আৰক্ষীয়ে বিদ্যাছিং লেকথেৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজ হাস্পতাললৈ লৈ যায়।
তাৰ পিছতে পুৱা বনকৰ্মীজনৰ নশ্বৰ দেহ বৈঠালাংছুলৈ আনি পৰিয়ালক সসন্মানে গতাই দিয়া হয়।
উল্লেখ্য যে, এটি ৪ বছৰীয়া আৰু এটি ডেৰ বছৰীয়া সন্তানৰ পিতৃ বিদ্যাছিং লেকথেক হেৰুৱাই দিকহাৰা হৈ পৰিছে পত্নীৰ লগতে পৰিয়াল।