শোকাবহ! স্কুলৰ পৰা ঘৰলৈ অহাৰ পথত পুখুৰীত পৰি সলিল সমাধি দশম শ্ৰেণীৰ ছাত্ৰ ৰোহিতৰ

নিউজ ডেস্কঃ স্কুল ছুটিৰ পিছত ঘৰলৈ আহি থাকোতেই দ পুখুৰীত পৰি সলিল সমাধি ঘটিল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰই। এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ গোৱালপাৰা জিলাত।

জানিব পৰা মতে, গোৱালপাৰা জিলাৰ নগৰবেৰাৰ নগৰবেৰা আদৰ্শ বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা শিমলীতোলা গাঁৱৰ দীপক দাসৰ পুত্ৰ ৰোহিত দাসে (১৫) শুকুৰবাৰে আবেলি বিদ্যালয় ছুটিৰ পিছত চাইকেল চলাই ঘৰলৈ আহি আছিল।

photo1662118146 1
শোকাবহ! স্কুলৰ পৰা ঘৰলৈ অহাৰ পথত পুখুৰীত পৰি সলিল সমাধি দশম শ্ৰেণীৰ ছাত্ৰ ৰোহিতৰ 4

বৰষুণৰ মাজতে ছাত্ৰজনে ঘৰলৈ আহি থকা সময়ত পথৰ বোকা চিটিকি গাত পৰে। ছাত্ৰজনে কাপোৰত লগা বোকাখিনি ধুবলৈ পথৰ কাষৰ এটা দ পুখুৰীত নামে।

ইফালে সেই সময়ত ৰোহিত দাসৰ সহপাঠীক পানীৰ তলত ডুব মাৰি কিমান সময় থাকিব পাৰে সেয়া দেখুৱাবলৈ পুখুৰীত ডুব মাৰে। কিন্তু ছাত্ৰজন বহু সময় ধৰি পাৰলৈ উঠি নহাত হাহাকাৰ লাগে সহপাঠী সকলৰ মাজত।

photo1662118146
শোকাবহ! স্কুলৰ পৰা ঘৰলৈ অহাৰ পথত পুখুৰীত পৰি সলিল সমাধি দশম শ্ৰেণীৰ ছাত্ৰ ৰোহিতৰ 5

ইফালে পাৰত থকা ছাত্ৰ কেইজনৰ চিঞৰ বাখৰত ঘটনাস্থলীত স্থানীয় লোক কেইজমান উপস্থিত হৈ পুখুৰীৰ পৰা ৰোহিতৰ নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

photo1662118146 2
শোকাবহ! স্কুলৰ পৰা ঘৰলৈ অহাৰ পথত পুখুৰীত পৰি সলিল সমাধি দশম শ্ৰেণীৰ ছাত্ৰ ৰোহিতৰ 6

ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। দ পুখুৰীত ছাত্ৰজনৰ সলিল সমাধি ঘটা ঘটনাই অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে।