fbpx
অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! সাগৰ তীৰত ভেলেণ্টাইন ডে’ উদযাপন কৰিবলৈ গৈ সাগৰৰ কোবাল ঢৌত উটি মৃত্যু এহাল প্ৰেমিক-প্ৰেমিকাৰ…

নিউজ ডেস্কঃ সাগৰ তীৰত ভেলেণ্টাইন ডে’ উদযাপন কৰিবলৈ গৈ সাগৰৰ কোবাল সোঁতত উটি গ’ল এহাল প্ৰেমিক-প্ৰেমিকা।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গোৱাত।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মুম্বাইৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত বিভূ শৰ্মা (২৭) আৰু বাংগালুৰুত কৰ্মৰত সুপ্ৰিয়া ডুবে (২৬) নামৰ প্ৰেমিক-প্ৰেমিকাহালে ভেলেণ্টাইন ডে’ উদযাপনৰ বাবে সোমবাৰে গোৱালৈ আহিছিল।

তাত তেওঁলোকে দক্ষিণ গোৱাৰ কানাকোনা তালুকৰ পলোলেম বিলৰ সমীপত নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত সাগৰত সাঁতুৰিবলৈ যায়।

কিন্তু তাৰ পিছতে মঙলবাৰে পুৱা প্ৰায় ৭ বজাত পালোলেমৰ ওচৰৰ অউৰেম বিচ ষ্ট্ৰেছত উদ্ধাৰ হয় সুপ্ৰিয়া ডুবেৰ মৃতদেহ।

যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত উদ্ধাৰকাৰী দলে অভিযান আৰম্ভ কৰাত বিয়লিৰ ভাগত সেই ঠাইৰ পৰা কিছুদূৰত উদ্ধাৰ হয় বিভূ শৰ্মাৰো মৃতদেহ।

প্ৰেমিক যুটিটোৱে নিশা কটোৱা হোটেলৰ এগৰাকী কৰ্মচাৰীয়ে আৰক্ষীক জনোৱা মতে, তেওঁলোকে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত সাগৰলৈ সাঁতুৰিবলৈ গৈছিল।

আৰু তেনে কৰাৰ সময়তে সাগৰৰ ঢৌত উটি গৈ দুয়োৰে মৃত্যু ঘটা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!