নিউজ ডেস্কঃ পুখুৰীৰ পাৰত সমনীয়াৰ সৈতে খেলি থকাৰ সময়তে পুখুৰীৰ পাৰৰ খহি যোৱা মাটিয়ে হেঁচা মাৰি ধৰাত অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এটি শিশুৱে।
এই শোকাবহ ঘটনা সংঘটিত হৈছে হেলেমৰ চন্দামাৰীত।
জানিব পৰা মতে, গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত চন্দামাৰীৰ বঙালী গাঁৱত বিয়লি এটা শুকান পুখুৰীৰ পাৰত সমনীয়াৰ সৈতে খেলি আছিল ৰঞ্জিত মণ্ডলৰ পুত্ৰ কিশোৰ মণ্ডলে।
ষষ্ঠ শ্ৰেণীৰ ছাত্ৰজনে খেলি থকাৰ সময়তে পুখুৰীৰ পাৰ খহি যোৱাৰ মাটিয়ে শিশুটিক হেঁচা মাৰি ধৰে।
এই ঘটনাৰ পিছতে ভয়তে সেই স্থানৰ পৰা পলায়ন কৰে সমনীয়া কেইজনে আৰু ঘটনাটো গোপনে ৰাখে।
বহু পলমকৈ শিশুটিক বিচাৰি পৰিয়ালৰ লোক পুখুৰীৰ পাৰত উপস্থিত হোৱাৰ শিশুটিক মাটিত আৱদ্ধ হৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে পৰিয়ালে।
লগে লগে মুমুৰ্ষ অৱস্থাত শিশুটিক বৰগাংস্থিত কেথলিক মিছনলৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
ইতিমধ্যে হেলেম আৰক্ষীয়ে শিশুটিৰ মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে।
কিশোৰৰ এনে সকৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ সৃষ্টি হৈছে।