শোকাবহ! সবৰীমালা দৰ্শন কৰি উভতি ঘৰ আহি নাপালে ৪ তীৰ্থযাত্ৰীয়ে, ভয়ংকৰ দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ…

নিউজ ডেস্কঃ সবৰীমালা দৰ্শন কৰি উভতি অহাৰ পথতে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৪ ভক্তই।

সোমবাৰে পুৱা অন্ধ্ৰ প্ৰদেশৰ বাপাটলা জিলাত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আন ১৫ জন গুৰুতৰভাৱে আহত হয়।

আহত সকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি তেলানিৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আহত সকলৰ ৪ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

image 25
শোকাবহ! সবৰীমালা দৰ্শন কৰি উভতি ঘৰ আহি নাপালে ৪ তীৰ্থযাত্ৰীয়ে, ভয়ংকৰ দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ… 3

ইফালে নিহত সকলক কৃষ্ণ জিলাৰ পেডানা মণ্ডলৰ পশম ৰমেশ (৫৫), বি পাণ্ডুৰাংগা ৰাও (৪০), বি পৱন কুমাৰ (২৫) আৰু বডিনা ৰমেশ (৪২) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, কৃষ্ণ জিলাৰ তীৰ্থযাত্ৰী সকলে সবৰীমালা দৰ্শন কৰি ঘৰলৈ উভতি আহিছিল।

image 24
শোকাবহ! সবৰীমালা দৰ্শন কৰি উভতি ঘৰ আহি নাপালে ৪ তীৰ্থযাত্ৰীয়ে, ভয়ংকৰ দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ… 4

সোমবাৰে পুৱা তেওঁলোকে তেলানি ৰে’লৱে ষ্টেছনত উপস্থিত হৈ তাৰ পৰা স্বগৃহলৈ যাবলৈ এখন টাটা এচ বাহনত উঠে।

কিন্তু পুৱা অধিক গতি আৰু ঘন কুঁৱলীৰ বাবে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত ৩ জন তীৰ্থযাত্ৰীৰ থিতাতে মৃত্যু ঘটে।

ইফালে আহত সকলক হাস্পতাললৈ নিয়াৰ পথতে প্ৰাণ হেৰুৱায় আন এজনে।

দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।