
নিউজ ডেস্কঃ ১০ দিনীয়া সন্তান এৰি ডেংগু ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিল এগৰাকী মহিলা আৰক্ষী বিষয়াৰ। মহাৰাষ্ট্ৰৰ পুনেৰ বাৰামাটি নগৰ আৰক্ষী থানাৰ বিষয়াগৰাকী সন্তান জন্ম দিয়াৰ পিছতে ডেংগু ৰোগত আক্ৰান্ত হৈছিল। পুনে চহৰৰ কে ই এম হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে আৰক্ষী বিষয়াগৰাকীয়ে।
জানিব পৰা মতে, ১০ দিন পূৰ্বে এটি পুত্ৰ সন্তান জন্ম দিছিল শীতল জগতাপ গালাণ্ডে নামৰ মহিলা আৰক্ষী বিষয়াগৰাকীয়ে। সন্তান প্ৰসৱৰ এদিন পূৰ্বলৈকে আৰক্ষী থানাত তেওঁ কৰ্তব্য সম্পাদনত ব্যস্ত আছিল।
কিন্তু সন্তান জন্ম দিয়াৰ পিছতে মহামাৰী ডেংগুত আক্ৰান্ত হয় শীতল। তাৰ পিছতে তেওঁক ভৰ্তি কৰোৱা হয় কেইএম হাস্পতালত। কিন্তু চিকিৎসকে অশেষ চেষ্টা কৰিও জীৱন ৰক্ষা কৰিবলৈ সক্ষম নহ’ল মহিলা আৰক্ষী বিষয়াগৰাকীৰ।

মৃত্যুৰ সময়ত মহিলা আৰক্ষী বিষয়াগৰাকীয়ে স্বামীৰ লগতে এটি কন্যা সন্তান আৰু ১০ দিন পূৰ্বে জন্ম পোৱা পুত্ৰ সন্তানটোক এৰি থৈ যায়। শীতল জগতাপৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালটো।
উল্লেখ্য যে, মহাৰাষ্ট্ৰত বিগত কিছুদিন ধৰি দি থকা ধাৰাসাৰ বৰষুণৰ পিছতে ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ড়েংগুৰ প্ৰকোপ। কেৱল এই মাহতে পুনেত ৪১ জন লোক মহামাৰী ডেংগুত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।