fbpx
অসমীয়াঅসম

শোকাবহ! শিক্ষাস্থলীৰ পৰা ঘৰলৈ অহা বন্ধুক বাছষ্টেণ্ডলৈ আগবঢ়াই নিবলৈ আহিছিল ৰিংকুৱে, কিন্তু ভয়ংকৰ বাইক দুৰ্ঘটনাত একেলগে মৃত্যু ঘটিল দুই বন্ধুৰ…

নিউজ ডেস্কঃ নিশা শিক্ষাস্থলীৰ পৰা ঘৰলৈ অহা বন্ধুক বাছষ্টেণ্ডৰ পৰা বাইকেৰে আগবঢ়াই নিবলৈ আহি ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল দুই বন্ধুৱে।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে মঙলদৈৰ সমীপৰ চমুৱাপাৰাত।

দুৰ্ঘটনাত নিহত যুৱক দুজনক কলাইগাঁৱৰ সমীপৱৰ্তী বৰুৱা হাউলী গাঁৱৰ যাদৱ বড়োৰ একমাত্ৰ পুত্ৰ তথা কোকৰাঝাৰৰ ড০ শোভা ব্ৰহ্ম মিউজিক এণ্ড ফাইন আৰ্ট কলেজৰ ছাত্ৰ ডেভিড বড়ো আৰু খাচৰণ থলী গাঁৱৰ ফণীধৰ বড়োৰ একমাত্ৰ পুত্ৰ ৰিংকু বড়ো বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, নিশা প্ৰায় ৯ বজাত কোকৰাঝাৰৰ পৰা বাছেৰে আহি মঙলদৈত নামিছিল ডেভিড বড়োৱে।

তাৰ পিছতে তেওঁৰ বন্ধু ৰিংকুৱে ডেভিডক বাইকেৰে আগবঢ়াই নিবলৈ আহি জাৱৰিকুছি-বঙলাগড় পথেৰে ঘৰলৈ উভতিছিল।

কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকৰ বাইকখনে পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মৰাত থিতাতে মৃত্যু ঘটে দুয়োজন যুৱকৰ।

ইফালে পৰৱৰ্তী সময়ত স্থানীয় লোকে দুৰ্ঘটনাৰ বিষয়ে আৰক্ষীৰ লগতে পৰিয়ালক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে।

দুটা পৰিয়ালৰ একমাত্ৰ পুত্ৰ দুয়োজন যুৱকৰ এনে কৰুণ মৃত্যুৱে শোকস্তব্ধ কৰিছে পৰিয়ালক। দুৰ্ঘটনাটোৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোতে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!