fbpx
অসমীয়াঅসম

শোকাবহ! লগৰীয়াৰ সৈতে নৈত গা ধুবলৈ গৈ সন্ধানহীন অষ্টম শ্ৰেণীৰ ছাত্ৰ…

নিউজ ডেস্কঃ লগৰীয়াৰ সৈতে নৈত গা ধুবলৈ গৈ সোঁতত উটি গ’ল এজন ছাত্ৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে কাকপথাৰত।

নৈৰ বুকুত সন্ধানহীন ছাত্ৰজন বৰমেছাইৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ডেনিছ মৰাণ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, শুকুৰবাৰে বিয়লি বন্ধুৰ সৈতে ন-দিহিং নৈত গা ধুবলৈ গৈছিল ডেনিছে।

কিন্তু তাৰ পিছৰে পৰা সন্ধানহীন হৈ পৰে ছাত্ৰজন।

নৈত গা ধুবলৈ নামোতেই ছাত্ৰজন সোঁতত উটি যোৱাৰ সন্দেহ কৰিছে অঞ্চলবাসীয়ে।

আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে ছাত্ৰজনৰ সন্ধান বিচাৰি নৈত অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও ডেনিছক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

Related Articles

Back to top button