অসমীয়াঅসম

শোকাবহ! মাহ মাহ ধৰি বন বিভাগত কৰ্মৰত হৈ দৰমহা আৰু নিযুক্তি পত্ৰ লাভ নকৰাকৈয়ে মৃত্যু কেজুৱেল বনকৰ্মী পবিত্ৰ হালৈৰ..

নিউজ ডেস্কঃ ধনৰ অভাৱত উন্নত চিকিৎসা অবিহনেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে এগৰাকী কেজুৱেল বনকৰ্মীয়ে।

অসম চৰকাৰৰ বন বিভাগত সুদীৰ্ঘকাল নিৰ্ধাৰিত হাৰত দৰমহা আৰু নিযুক্তি পত্ৰ লাভ নকৰাকৈয়ে কৰ্তব্য সম্পাদন কৰি অৱশেষত আৰ্থিক অভাৱত উন্নত চিকিৎসা লাভ নকৰাকৈয়ে মৃত্যুক সাৱটি লয় নলবাৰী জিলাৰ মুকালমুৱাৰ পবিত্ৰ হালৈয়ে।

উল্লেখ্য যে, পবিত্ৰ হালৈ সদৌ অসম কেজুৱেল বন শ্ৰমিক সন্থাৰ কোষাধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি অহাৰ লগতে বন বিভাগৰ গুৱাহাটী সামাজিক বন সংমণ্ডলৰ অধীনৰ বকো আঞ্চলিক বন বিষয়া কাৰ্যালয়ত পূৰ্বে কৰ্মৰত আছিল।

দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ থকা ৫০ বৰ্ষীয় বনকৰ্মীগৰাকীক প্ৰায় দুসপ্তাহ পূৰ্বে গুৱাহাটীৰ আৰ্য হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও আৰ্থিক অভাৱৰ বাবে পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল।

কিন্তু ইতিমধ্যে শাৰীৰিকভাৱে সম্পূৰ্ণৰূপে অসুস্থ হৈ পৰা পবিত্ৰ হালৈয়ে অৱশেষত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।

ইয়াৰ পিছতে সদৌ অসম কেজুৱেল বনকর্মী সন্থাই প্ৰয়াত হালৈৰ পৰিয়ালক এককালীন সাহায্য প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক দাবী জনাইছে।

লগতে পবিত্ৰ হালৈৰ এজন পুত্ৰক বন বিভাগত চাকৰি প্ৰদান কৰিবলৈও দাবী জনাইছে কেজুৱেল বনকৰ্মী সন্থাই।

উল্লেখ্য যে, অসম চৰকাৰৰ বন বিভাগৰ বিভিন্ন সংমণ্ডলত বছৰ বছৰ ধৰি বেতন আৰু নিযুক্তি পত্ৰ অবিহনেই সেৱা আগবঢ়াই আহিছে কেবাশতাধিক কেজুৱেল কৰ্মী আৰু মাষ্টাৰৰোল শ্ৰমিকে।

যাৰ ফলত তেনে কৰ্মচাৰীৰ পৰিয়ালত সৃষ্টি হৈ আহিছে পানীত হাঁহ নচৰা অৱস্থাৰ।

আনহাতে ধনৰ অভাৱত চিকিৎসা অবিহনেই বিগত সময়ছোৱাত ২০ জনতকৈ অধিক কেজুৱেল কৰ্মীয়ে মৃত্যুক সাৱটি ল’বলগীয়াও হৈছে।

Related Articles

Back to top button