
নিউজ ডেস্কঃ ঘৰলৈ অহা আলহীক ৰে’ল ষ্টেছনত থৈ উভতি অহাৰ পথতে তীব্ৰবেগী ট্ৰেইলাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে দুই ভাতৃয়ে।
এই মৰ্মান্তিক ঘটনা সঘটিত হৈছে ছত্তীশগড়ৰ ভিলাই টিন থানাৰ অন্তৰ্গত ছিৰছা গেটত।
জানিব পৰা মতে, দুই ভাতৃ- আদিত্য সিং ৰাজপুত (১৭) আৰু অংকিত ৰাজপুত (২২)য়ে ঘৰলৈ অহা অতিথিক ভিলাই টিন ৰে’লৱে ষ্টেছনলৈ আগবঢ়াই থৈ বাইকেৰে উভতি আহিছিল।
সেই সময়তে তেওঁলোকৰ সন্মুখত হঠাৎ এখন ট্ৰেইলাৰ ট্ৰাক উপস্থিত হোৱাত থৰক বৰক লাগি বাইকৰ পৰা বাগৰি পৰে দুই ভাতৃ।
ঠিক তেনেতে দ্ৰুতবেগী ট্ৰেইলাৰখনে দুয়ো ভাতৃক মহটিয়াই লৈ যোৱাত থিতাতে মৃত্যু ঘটে আদিত্য আৰু অংকিতৰ।
জানিব পৰা মতে, মৃত অংকিত বিহাৰত কলেজত অধ্যয়নৰত হৈ থকাৰ বিপৰীতে আদিত্য ভিলাইত মোমায়েকৰ ঘৰত থাকি একাদশ শ্ৰেণীত অধ্যয়ন কৰি আছিল।
কিছুদিন পূৰ্বে সম্পন্ন হোৱা ভিলাইত মাহীয়েকৰ বিয়া উপলক্ষ্যে পিতৃ-মাতৃৰ সৈতে আহিছিল অংকিত। বিয়ালৈ অহা আলহীকে ৰে’ল ষ্টেছনত থৈ উভতি অহাৰ পৰত দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় দুয়ো ভাতৃয়ে।