
নিউজ ডেস্কঃ মাত্ৰ ৬ মাহ পূৰ্বে সম্পন্ন হৈছিল বিবাহ।
বিয়াৰ পিছতে নৱ বিবাহিতা পত্নী আৰু পৰিয়ালক এৰি পুনৰ কৰ্মস্থলীলৈ গুচি আহিছিল ভাৰতীয় বায়ুসেনাৰ ৪ৰ্থ ৰাজ এয়াৰ স্কোয়াড্ৰনৰ কেডেট ধৰ্মেন্দ্ৰ বিষ্ণৈয়ে।
কিন্তু পুনৰ আৰু দেখা নাপালে পত্নী আৰু পৰিয়ালক। ছুটিত ঘৰলৈ যোৱাৰ পূৰ্বেই পশ্চিমবংগৰ শিলিগুৰিত এক ভংয়কৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় বায়ু সেনাৰ জোৱান ধৰ্মেন্দ্ৰ বিষ্ণৈয়ে।
ৰাজস্থানৰ যোধপুৰ জিলাৰ কোছানৰ নিৱাসী জোৱানজনৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে শোকত ভাগি পৰে পৰিয়াল।

সোমবাৰে দুপৰীয়া তেওঁৰ নশ্বৰ দেহ ত্ৰিৰংগাৰে মেৰিয়াই যোধপুৰ বায়ুসেনাৰ ষ্টেছনলৈ অনা হয়। তাত জোৱানজনৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে বায়ুসেনাৰ বিষয়াসকলে।
তাৰ পিছতে মৃতদেহটো লৈ যোৱা হয় জন্ম গাঁও কোছানলৈ।

জোৱান ধৰ্মেন্দ্ৰ বিষ্ণৈৰ নশ্বৰ দেহ স্বগৃহত উপস্থিত হোৱাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ। অসংখ্য লোক তেওঁৰ গৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উল্লেখ্য যে, ২০১৯ চনত বায়ুসেনাত এয়াৰমেন হিচাপে যোগদান কৰিছিল ধৰ্মেন্দ্ৰ বিষ্ণৈয়ে। ছমাহ পূৰ্বে তেওঁৰ বিয়াৰ বাবে শেষবাৰৰ বাবে ঘৰলৈ গৈছিল।
বিয়াৰ কিছুদিনৰ পিছতে পত্নী আৰু পৰিয়ালক এৰি কৰ্মত পুনৰ যোগদান কৰা বায়ুসেনাৰ জোৱানজনৰ মৃত্যুৱে শোকৰ বন্যা নমাইছে সৰ্বত্ৰে।