অসম

শোকাবহ! মাতৃ গৃহৰ পৰা শহুৰৰ ঘৰলৈ অহাৰ পথতে ট্ৰাকৰ চকাৰ তলত পিষ্ট হৈ মৃত্যু মাতৃ-কন্যাৰ

নিউজ ডেস্কঃ নিয়ন্ত্ৰণহীন ট্ৰাকৰ চকাত পিষ্ট হৈ প্ৰাণ হেৰুৱাব লগীয়া হ’ল মাতৃ-কন্যাই। শুকুৰবাৰে উত্তৰ প্ৰদেশৰ ফতেহপুৰত সংঘটিত এই দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে জিলাখনত।

জানিব পৰা মতে, ফতেহপুৰৰ মাহমুদপুৰ দণ্ডৱা আৰক্ষী থানা এলেকাৰ কল্যানপুৰৰ নিৱাসী সুৰেন্দ্ৰ গৌ তামাৰ পত্নী পূজা দেৱী নামৰ মহিলাগৰাকীয়ে তেওঁৰ তিনিমহীয়া কন্যা সন্তানটোৰ লগত ভাতৃ সন্তোষৰ সৈতে বাইকেৰে থিৰিয়ানভৰৰ মাতৃ গৃহৰ পৰা শহুৰেকৰ ঘৰলৈ আহি আছিল।

সেই সময়তে এখন দ্ৰুতবেগী নিয়ন্ত্ৰণহীন ট্ৰাকে পিছফালৰ পৰা তেওঁলোকৰ বাইকত খুন্দা মৰাত বাইকৰ পৰা বাগৰি পৰে মাতৃ-কন্যা। তাৰ পিছতে ট্ৰাকৰ চকাই পিষ্ট কৰে দুয়োজনকে।

trcuk

দুৰ্ঘটনাৰ পিছত আহত তিনিওজনক স্থানীয় লোকে হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে পূজা দেৱী আৰু তেওঁৰ তিনিমহীয়া কন্যা সন্তানটোক মৃত ঘোষণা কৰে।

হাস্পতালত বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মৃত পূজা দেৱীৰ ভাতৃ সন্তোষ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকজনকো আটক কৰিছে আৰক্ষীয়ে।

Related Articles

Back to top button