শোকাবহ! মহানগৰীৰ ব্যক্তিগত ছাত্ৰাৱাসত উদ্ধাৰ ত্ৰিপুৰাৰ ছাত্ৰৰ মৃতদেহ…

নিউজ ডেস্কঃ বিগত সময়ত গুৱাহাটী মহানগৰীত অপৰাধৰ ঘটনা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ প্ৰৱণতাও।

বিভিন্ন কাৰণত আজিৰ যুৱ প্ৰজন্মই বাচি লৈছে আত্মহননৰ পথ।

নিতৌ প্ৰকাশিত এনে দুঃসংবাদৰ মাজতে পুনৰ গুৱাহাটীত চিপ লৈ আত্মহত্যা কৰিলে এগৰাকী ত্ৰিপুৰাৰ ছাত্ৰই।

গুৱাহাটী মহানগৰীৰ পানীখাইতীৰ এটা ব্যক্তিগত ছাত্ৰাৱাসৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে ত্ৰিপুৰাৰ কাথৰ জামাতীয়া নামৰ ২০ বৰ্ষীয় ছাত্ৰজনে।

জানিব পৰা মতে, পানীখাইতীৰ ৰণী হকৰ ছাত্ৰাৱাসত থাকি অসম ডাউ টাউন বিশ্ববিদ্যালয়ৰ এম বি এ পাঠ্যক্ৰমৰ পঞ্চম ষাণ্মাসিকত অধ্যয়নৰত আছিল কাথৰ।

যুৱকজনৰ বন্ধুৰ মতে, মেধাবী ছাত্রজনে পুৱা ১০ বজালৈকে হোষ্টেলৰ বাহিৰত বন্ধুৰ লগত কথা পাতি আছিল।

কিন্তু বিয়লি সতীর্থ সহপাঠী এজনে হোষ্টেললৈ আহি যুৱকজনৰ মৃতদেহ তেওঁৰ শোৱনি কোঠাত ওলমি থকা প্ৰত্যক্ষ কৰি পানীখাইতী আৰক্ষী চকীত খবৰ দিয়ে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

যুৱকজনে কি কাৰণে আত্মহত্যাৰ পথ বাচি ল’লে সেয়া এতিয়াও স্পষ্ট নহয়।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।