
নিউজ ডেস্কঃ তীৰ্থযাত্ৰাৰ বাবে গৈ থকাৰ সময়তে সংঘটিত এক ভংয়কৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৩ গৰাকী মহিলা তীৰ্থযাত্ৰীয়ে।
শুকুৰবাৰে পুৱতি নিশা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় অন্ধ্ৰপ্ৰদেশৰ কডাপা জিলাত।
জানিব পৰা মতে, প্ৰদ্দাতুৰ চহৰৰ ৱাইএমআৰ কলনীৰ ১৫ গৰাকী পুৰুষ-মহিলাই তিৰুমালালৈ গৈ থকাৰ সময়তে পুৱতি নিশা প্ৰায় ২ বজাত কাডাপাৰ ৬৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাপাডু মণ্ডলৰ সমীপত এখন ৰখাই থোৱা ট্ৰাকত তেওঁলোকৰ বাহনখনে খুন্দা মাৰে।
এই দুৰ্ঘটনাত ৩ গৰাকী মহিলা তীৰ্থযাত্ৰীৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে বাহনখনৰ চালকসহ আন ৮জন যাত্ৰী গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাত নিহত সকলক গণগা অনুষা (৩০), অবুলম্মা (৪০) আৰু ৰামলাক্ষ্মাম্মা (৪৮) বুলি চিনাক্ত কৰা হৈছে।
ইফালে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।
আহত সকলৰ দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।