
নিউজ ডেস্কঃ এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মঙলদৈৰ জিলা শ্ৰম বিষয়া গৌৰাংগ দাসে।
বৃহস্পতিবাৰে নিশা খাৰুপেটীয়াৰ পৰা আহি থকা সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত সামান্য আঘাতপ্ৰাপ্ত হৈছে শ্ৰম বিষয়াগৰাকীৰ দুই সন্তানো।
জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা দুই সন্তানক লগত লৈ খাৰুপেটীয়াৰ পৰা মঙলদৈ অভিমুখে আহি আছিল জিলা শ্ৰম বিষয়া গৌৰাংগ দাস।

সেই সময়ত তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকত খুন্দা মৰাত বাইকৰ পৰা উফৰি পৰে।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত দাসক লগে লগে মঙলদৈ অসামৰিক চিকিৎলায়ত ভৰ্তি কৰোৱা হয় যদিও পুৱতি নিশা হাস্পতালতে মৃত্যু ঘটে শ্ৰম বিষয়াগৰাকীৰ।
এই দুৰ্ঘটনাই সমগ্ৰ মঙলদৈত শোকৰ ছাঁ পেলাইছে।