fbpx
অসমঅসমীয়া

শোকাবহ! ভূমিস্খলনৰ ফলত শোৱাপাটীতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল দুই ভাই-ভগ্নীয়ে

নিউজ ডেস্কঃ নেৰানেপেৰা বৰষুণৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি পুনৰ এবাৰ সৃষ্টি হৈছে বান আৰু ভূমিস্খলনৰ আতংক।

ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।

শ শ পৰিয়াল বানৰ কবলত পৰি গৃহহীন হোৱাৰ লগতে পানীত বুৰ গৈছে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি।

ৰাজ্যত প্ৰকৃতিৰ তাণ্ডৱৰ মাজতে এইবাৰ গোৱালপাৰাত সংঘটিত হ’ল শোকাবহ ঘটনা।

2 2 1

গােৱালপাৰা চহৰৰ ১৯ নং ৱাৰ্ডৰ আজাদ নগৰত পুৱা ভূমিস্খলন হৈ শোৱাপাটীতে দুটিকৈ শিশুৱে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই শোকৰ বন্যা নমাইছে সমগ্ৰ জিলাখনত।

2 1

জানিব পৰা মতে, ধাৰাসাৰ বৰষুণৰ ফলত ঘৰৰ সৈতে লাগি থকা পথৰ দেৱাল খহি শুই থকা অৱস্থাতে প্ৰাণ হেৰুৱায় দুটিকৈ শিশুৱে।

নিহত শিশু দুটিৰ নাম আলী হুছেইন (১੦) আৰু আছমা খাতুন (৮) বুলি জানিব পৰা গৈছে। তেওঁৰ পিতৃৰ নাম আছিৰুদ্দিন সিকদাৰ বুলি জানিব পৰা গৈছে।

মৃত হুছেইন সিকদাৰ (পঞ্চম শ্ৰেণী) আৰু আছমা খাতুন (প্ৰথম শ্ৰেণী)ৰ শিক্ষাৰ্থী আছিল। দুয়াে স্থানীয় কৌশল্যা দাস প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আছিল।

উল্লেখ্য যে, এই ঘটনাৰ মাত্ৰ দুদিন পূৰ্বে গুৱাহাটীৰ নিজৰাপাৰত ভূমিস্খলনৰ ফলত ৪জনকৈ শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।

শ্ৰমিক কেইজনে গৃহ নিৰ্মাণৰ কাম কৰি থকাৰ সময়তে পাহাৰৰ মাটি খহি পৰাৰ ফলত মৃত্যু ঘটিছিল।

লগতে চাওকঃ

দাতাই দিলেও… ৪ বছৰৰ ব্যৱধানত দুই যমজ পুত্ৰক হেৰুৱালে এটা দুৰ্ভগীয়া পৰিয়ালে

G5 7

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!