শোকাবহ! ভূঁই ৰুবলৈ গৈ উভতি নাহিল জ্যোতি আৰু দীপাঞ্জলী, নাও বুৰ গৈ ঘটিল সলিল সমাধি

নিউজ ডেস্কঃ ভূঁই ৰুবলৈ গৈ ঘৰলৈ উভতি নাহিল দুই মহিলা! নৈৰ সিপাৰৰ পথাৰত ভূঁই ৰুই সন্ধিয়া ঘৰলৈ নৈ পাৰ হৈ ওভতাৰ সময়তে নদীয়ে নিঃশেষ কৰিলে দুটিকৈ প্ৰাণ!

এই শোকাবহ ঘটনাই কান্দোনৰ উজান তুলিছে বিশ্বনাথৰ মুখৰগড়ত। সোমবাৰে নৈৰ বুকুত সন্ধীনহীন হোৱা দুই মহিলাৰ মৃতদেহ মঙলবাৰে পুৱা দুৰ্ঘটনাস্থলীৰ পৰা ৫ কিলোমিটাৰ নিলগত উদ্ধাৰ কৰে এছডিআৰএফ বাহিনীয়ে। দুয়োগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পিছতে শোকবিহ্বল পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত।

উল্লেখ্য যে, সোমবাৰে ঘিলাধাৰী নৈৰ সিপাৰে থকা পথাৰত ভূঁই ৰুই এখন নাৱেৰে ঘৰলৈ উভতিছিল ৬ গৰাকী মহিলাই। কিন্তু নৈৰ সোঁতত তেওঁলোকৰ নাওখন বুৰ যোৱাৰ পিছত স্থানীয় ৰাইজে ৪ মহিলাক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও সন্ধানহীন হৈ পৰে দুগৰাকী মহিলা।

photo1660028597
শোকাবহ! ভূঁই ৰুবলৈ গৈ উভতি নাহিল জ্যোতি আৰু দীপাঞ্জলী, নাও বুৰ গৈ ঘটিল সলিল সমাধি 2

সোমবাৰে সন্ধিয়ালৈকে নৈৰ বুকুত মহিলা দুগৰাকীৰ সন্ধানত আৰক্ষী আৰু উদ্ধাৰকাৰী দলে অভিযান চলায় যদিও দুয়োৰে সন্ধান লাভ নকৰাত অভিযান সামৰিবলগীয়া হয়। কিন্তু মঙলবাৰে পুৱা পুনৰ এছডিআৰএফ বাহিনীয়ে অভিযান চলাই দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত উদ্ধাৰ কৰে মহিলা দুগৰাকীৰ মৃতদেহ।

নিহত মহিলা দুগৰাকীৰ পৰিচয় জ্যোতি চাহু (২৫) আৰু দীপাঞ্জলি কেওঁট বুলি জানিব পৰা গৈছে।

প্ৰণিধানযোগ্য যে, ঘিলাধাৰী নৈৰ দুয়োপাৰক সংযোগ কৰি এখন দলং নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে বাৰে বাৰে দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত চৰকাৰ বা স্থানীয় জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব প্ৰদান কৰা নাই। যাৰ বাবে প্ৰত্যেক বছৰে জীৱনটো হাতৰ মুঠিত লৈ এনেদৰে নাৱেৰে সিপাৰৰ পথাৰলৈ যাবলগীয়া হায় কৃষক ৰাইজে।

আৰু তেনে পৰিপ্ৰেক্ষিততে সোমবাৰে এই শোকাবহ ঘটনাটো সংঘটিত হোৱা বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে। যাৰ বাবে শীঘ্ৰে অঞ্চলটোত এখন দলং নিৰ্মাণৰ বাবেও দাবী জনাইছে অঞ্চলবাসীয়ে।