শোকাবহ! ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিভাৱান বক্সাৰৰ…

নিউজ ডেস্কঃ শোকাবহ পথ দু্ৰ্ঘটনাত অকাল মৃত্যু অৰুণাচল প্ৰদেশৰ এগৰাকী প্ৰতিভাৱান বক্সাৰৰ।

অসম-মেঘালয় সীমান্তৰ যোৰাবাটত পথ দুৰ্ঘটনাত পতিত হৈছিল বক্সাৰ টেচি মানিয়া।

যোৱা ২৩ ডিচেম্বৰত সংঘটিত হৈছিল এই দুৰ্ঘটনা।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু যুৱ বক্সাৰ মানিয়াৰ।

কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল মানিয়াই।

প্ৰতিভাৱান বক্সাৰগৰাকীৰ মৃত্যুত শোক প্ৰকাশ অৰুণাচল এমেচাৰ বক্সিং এছ’চিয়েশ্যনৰ।