অসমীয়াআন্তঃৰাষ্ট্ৰীয়

শোকাবহ! ভয়ংকৰ দুৰ্ঘটনাত পতিত প্ৰাক্তন ক্ৰিকেটাৰ এণ্ড্ৰিউ ফ্লিনটফ, এয়াৰ এম্বুলেন্সযোগে হাস্পতালত ভৰ্তি…

নিউজ ডেস্কঃ ভয়ংকৰ দুৰ্ঘটনাত পতিত ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিয়ানক এণ্ড্ৰিই ফ্লিনটফ।

বিবিচিৰ এটা অনুষ্ঠানৰ দৃশ্যগ্ৰহণৰ সময়তে ভয়ংকৰ বাহন দুৰ্ঘটনাত পতিত হৈছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকী।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ফ্লিনটফক লগে লগে এয়াৰ এম্বুলেন্সযোগে লৈ যোৱা হয় হাস্পতাললৈ।

জানিব পৰা মতে, আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা বিবিচিৰ ‘টপ গিয়েৰ’ শীৰ্ষক এক অনুষ্ঠানৰ দৃশ্যগ্ৰহণত ব্যস্ত আছিল প্ৰাক্তন ক্ৰিকেটাৰ এণ্ড্ৰিউ ফ্লিনটফ।

বৰফৰ মাজত তেওঁ গাড়ী চলাই দৃশ্যগ্ৰহণ সম্পন্ন কৰি থকাৰ সময়তে হঠাৎ সংঘটিত হয় দুৰ্ঘটনাটো।

অৱশ্যে সেই সময়ত সুৰক্ষা বিষয়ক সকলো দিশৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে জীৱন ৰক্ষা পৰে ফ্লিনটফৰ।

উল্লেখ্য যে, ২০১৯ চনতো টপ গিয়েৰৰ আন এটা খণ্ডৰ দৃশ্যগ্ৰহণৰ সময়ত দুৰ্ঘটনাত পতিত হৈছিল এণ্ড্ৰিউ।

অৱশ্যে সেইবাৰ আঘাত বেছি গুৰুতৰ নাছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ।

প্ৰণিধানযোগ্য যে, ২০০৯ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ফ্লিনটফে।

তেওঁ ইংলেণ্ডৰ হৈ ৭৯খন টেষ্ট আৰু ১৪১খন সীমিত অভাৰৰ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।

Related Articles

Back to top button