শোকাবহ! ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত বনভোজ খাবলৈ গৈ সলিল সমাধি মেধাৱী ছাত্ৰৰ…

নিউজ ডেস্কঃ নৱবৰ্ষৰ প্ৰাকক্ষণত বনভোজ খাবলৈ গৈ অকাল মৃত্যু যুৱকৰ।

ব্ৰহ্মপুত্ৰৰ বালিচৰত বন্ধুৰ সৈতে বনভোজ খাবলৈ গৈ সলিল সমাধি এজন ছাত্ৰৰ।

কামৰূপ জিলাৰ শুৱালকুছি নদী আৰক্ষী থানাৰ অন্তৰ্গত লাহেশ্বৰীত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, সোমবাৰে লাহেশ্বৰীৰ ব্ৰহ্মপুত্ৰ চাপৰিত বন্ধুৰ সৈতে বনভোজ খাবলৈ আহিছিল বামুন্দীৰ বান্ধৱপাৰাৰ টিকেন ভূঞাৰ একমাত্ৰ পুত্ৰ তীৰ্থজ্যোতি ভূঞা (১৬)ই।

ভাত খোৱাৰ পূৰ্বে তীৰ্থজ্যোতিয়ে সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰৰ পানীত গা ধুবলৈ নামোতেই দ পানীত বুৰ যায়।

সাঁতুৰিব নজনা কিশোৰজনক উপস্থিত থকা সমনীয়াই বচাবলৈ চেষ্টা চলায় যদিও ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি ঘটে কিশোৰজনৰ।

পিছত ঘটনাস্থলীত শুৱালকুছি নদী আৰক্ষী আৰু এছডিআৰএফ বাহিনী উপস্থিত হৈ কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

জানিব পৰা মতে, নিহত তীৰ্থ বামুন্দী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ স্নাতক প্রথম বাৰ্ষিকৰ ছাত্ৰ আছিল।

ছাত্ৰজনৰ কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।