শোকাবহ! বিদ্যালয়ৰ বাথৰুমৰ চাদ খহি অকাল মৃত্যু তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ, ক্ষুব্ধ অভিভাৱকৰ উত্তাল প্ৰতিবাদ

নিউজ ডেস্কঃ বিদ্যালয়ৰ বাথৰুমত চাদ খহি পৰাৰ ফলত অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল তৃতীয় শ্ৰেণীত অধ্যয়নৰত এগৰাকী কণমানি ছাত্ৰীয়ে।

উত্তৰাখণ্ডৰ চম্পাৱতৰ এখন প্ৰাথমিক বিদ্যালয়ত বুধবাৰে পুৱা সংঘটিত এই শোকাবহ ঘটনাই বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিদ্যালয়ৰ কৰ্তৃপক্ষৰ চৰম অমনোযোগিতাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছে নিহত ছাত্ৰীগৰাকীৰ পৰিয়ালে।

image 102
শোকাবহ! বিদ্যালয়ৰ বাথৰুমৰ চাদ খহি অকাল মৃত্যু তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ, ক্ষুব্ধ অভিভাৱকৰ উত্তাল প্ৰতিবাদ 3

ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে পুৱা চম্পাৱতৰ পাতি মনকন্দ প্ৰাথমিক বিদ্যালয়ৰ বাথৰুমত প্ৰস্ৰাৱ কৰিবলৈ গৈছিল বিদ্যালয়খনৰ তৃতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে। সেই সময়তে বাথৰুমৰ চাদখন আকস্মিকভাৱে খহি ছাত্ৰীগৰাকীৰ মূৰৰ ওপৰত পৰে।

image 103
শোকাবহ! বিদ্যালয়ৰ বাথৰুমৰ চাদ খহি অকাল মৃত্যু তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ, ক্ষুব্ধ অভিভাৱকৰ উত্তাল প্ৰতিবাদ 4

এই ঘটনাত গুৰুতৰভাৱে আহত ছাত্ৰীগৰাকীক লগে লগে হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যু ঘটে কণমানি ছাত্ৰীগৰাকীৰ। আনহাতে এই ঘটনাত আন দুটি শিশুও আহত হোৱা বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই বিদ্যালয়ত উপস্থিত হোৱা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বিদ্যালয় কৰ্তৃপক্ষই বাথৰুমৰ চাদৰ মেৰামতিত গুৰুত্ব প্ৰদান নকৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰে অভিভাৱকসকলে।